নগেনৰ আজৱ প্রশ্ন.......
""""""""""""""""""""""""""""""""""""
আজি নগেন আৰু ৰাম�বিল্লাসে একেলগে চিনেমা চাবলৈ গ'ল । নগাঁৱৰ জয়শ্ৰী হলত এখন জনপ্রিয় হিন্দী ছৱি । জনপ্ৰিয় ছৱিখন 'শ্বোলে' । আগৰ কেইবাৰ চাওঁতে নগেনক বুজায় দিয়া মানুহ নাছিল বাবে ভা��ৰাতীয়া হিচাবে ৰামবিলাসক লগত লৈ গৈছে । আচল কথা নগেনে হিন্দীত কোৱা কথাবোৰৰ অৰ্থ উলিয়াই সঠিক ব্যৱহাৰ কৰিব নাযানে । যিমান হলেও নগেনে কিন্তু এটা কথা বুজি নাপাই মোক বিচাৰি বিচাৰি লগ পায় সুধিলে:-
নগেন - অঃ 'দেদাই, আজি শ্বোলেখন চালোঁ; কিন্তু কথা এটাহে বুজি নাপালোঁ অ' ৷ ৰামিবলাসেও হিন্দী ম্যে বুজাব নোৱাৰিলে ।
মই সুধিলো -- 'কিনো বুজি নাপালি' ? নগেনে ক'লে - 'এফালে দেখিলোঁ গাঁৱত প্রৱল প্রতাপী ঠাকুৰৰ ঘৰত বিজুলী বাতিৰ (মানে Electric Line ) ব্যৱস্থা নাই আৰু সন্ধিয়া হলেই ঠাকুৰৰ বিধৱা বোৱাৰীয়েকে কেৰাচিন তেলৰ চাকি আৰু লেম্প বোৰ জ্বলাই দিয়ে ...........
.
.
.
.
নগেনঃ অ, দেদাই ! কিন্তু আনফালে দেখিলোঁ 'বসন্তীক নাপালে মৰি যাম' বুলি চিঞৰিবলৈ ধৰ্মেন্দ্রই গৈ সেই গাঁৱৰে ওখ পানী টেংকী এটাত উঠিছে৷
এতিয়া মই ভাবিছো কাৰেণ্ট নথকা গাওঁখনত যে ইমান ওখ পানী টেংকী বনালে, তাত কি ঠাকুৰৰ বাপেকে উঠি সদায় পানী ভৰাই নেকি ? নে বৰ্তমানৰ অসম চৰকাৰৰ চৰকাৰী আঁচনিবোৰৰ নিচিনাকৈ বিদ্যুৎ যোগান নধৰাকৈ ইমান ওখ পানী টেংকী সজাটো উচিত ??
No comments:
Post a Comment